July 3, 2024 8:04 PM July 3, 2024 8:04 PM

views 11

চৰকাৰে মণিপুৰৰ পৰিস্থিতি সূচল কৰাৰ বাবে অহৰহ প্রয়াস চলাই আছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, চৰকাৰে মণিপুৰৰ পৰিস্থিতি সুচল কৰি তোলাৰ বাবে অহৰহ প্রয়াস চলাই আছে। ৰাজ্যসভাত আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰত শান্তি-সম্প্রীতি সুনিশ্চিত কৰাৰ বাবে সকলো পক্ষৰ সৈতে আলোচনা চলাই আছে। গৃহ মন্ত্ৰীয়ে মণিপুৰলৈ গৈ নিজে শান্তি প্ৰচেষ্টাত নেতৃত্ব দিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ত...