April 26, 2025 12:17 PM
13
আকাশবাণীত কাইলৈ দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২১ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউ টিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ...