July 22, 2025 8:47 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ লণ্ডনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ লণ্ডনলৈ ৰাওনা হ'ব। ইংলেণ্ডৰ দুদিনীয়া এই ভ্ৰমণৰ সময়ত তেওঁ ব্ৰিটিছ প্রধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ সৈতে আলোচনাত মিলিত হ'ব আৰু ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিব। আজি নতুন দিল্লীত সাংবাদিকৰ আগত বৈদেশিক সচিব বিক্রম মিশ্রিয়ে কয় যে প্রধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ব্ৰিটেইনৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ইংলেণ্ড ভ্রমণ। বৈদেশিক সচিবগৰাকীয়ে কয় যে এই ভ্রমণে দুয়োগৰাকী নেতাক ভাৰত ইংলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ দিশসমূহ...