November 19, 2025 6:38 PM

views 41

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰে। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ ৯ কোটি কৃষকৰ বাবে ১৮ হাজাৰ কোটিৰো অধিক ধন মোকলাই দিয়া হৈছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত সমজিলাৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত কৃষি বিভাগৰ বহুকেইগৰাকী বিষয়াও উপস্থিত থাকে। দৰং জিলাতো কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। তদুপৰি পাথৰিঘাট, দলগাঁও, ৰামহৰি, সৰাবাৰী কৃষি উন্নয়ন ...

February 24, 2025 7:07 PM

views 25

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যখনৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই অভিলাসী আঁচনিৰ জৰিয়তে কৃষকসকলক প্রত্যক্ষ আর্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ সমৃদ্ধিশালী জীৱন সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰত আয়োজিত কিষাণ সম্মান সমাৰোহত অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ ৯ কোটি ৮ লাখৰো অধিক কৃষকৰ বাবে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তিত ২২ হাজাৰ কোটি টকা আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশৰ বিভিন্ন...

December 6, 2024 10:58 AM

views 38

প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ ২০২৫ বৰ্ষৰ পঞ্জীকৰণৰ বাবে ১৫ ফেব্ৰুৱাৰী অন্তিম দিন

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ ২০২৫ বৰ্ষৰ পঞ্জীকৰণৰ বাবে অহা ১৫ ফেব্ৰুৱাৰীৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। এই যোজনাৰ অধীনত বতৰৰ অনিশ্চয়তাৰ সৈতে জড়িত ক্ষতিৰ শংকা কম কৰি পৰিশ্ৰমী কৃষক ভাই-ভনীৰ আৰ্থিক হিত ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে ১৯ কোটি ৬৭ লাখ কৃষক উপকৃত হোৱাৰ লগতে ৭০ কোটিৰো অধিক কৃষকৰ আবেদন লাভ কৰা হৈছে। আঁচনিৰ সবিশেষ জানিবলৈ ১৪৪৪৭ এই হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে।

July 16, 2024 1:21 PM

views 28

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিগত ৪টা বছৰত দেশৰ ক্ষতিগ্ৰস্ত কৃষকক এক লাখ ৬০ হাজাৰ কোটি টকা পৰিশোধ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্রকাশ কৰি খেতিয়কসকলক ফচল বীমা আঁচনিৰ সৈতে জড়িত হ'বলৈ আহ্বান জনাইছে। এই ক্ষেত্ৰত সংশ্লিষ্ট কৃষকসকলে ব্যৱহাৰ কৰিব পৰা হেল্পলাইন নম্বৰটো হ'ল- 14447। মন্ত্ৰালয়ে প্রকাশ কৰা মতে আঁচনিখন আৰম্ভ কৰাৰে পৰা ৬২ কোটি গৰাকীতকৈও অধিক সংখ্যক কৃষকৰ পৰা আবেদন লাভ কৰাৰ বিপৰীতে ১৯ কোটি ৬৭ লাখতকৈও অধিক কৃষকলৈ ফচলৰ ক্ষতিপূৰণৰ ধন বিতৰণ কৰা হৈছ...

June 18, 2024 6:45 PM

views 40

প্রধানমন্ত্রী মোদীয়ে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিয়ে। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্মসহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণপত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ ব...

June 18, 2024 5:26 PM

views 30

বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিব। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্ম সহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলা প্ৰমাণপত্ৰ বিতৰণ কৰিব। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ বিতৰণ কৰা হ'...

May 31, 2024 7:59 PM

views 25

প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত মাজুলীত বিশাল সজাগতামূলক শিবিৰ

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ কেইবাটাও গাঁও পঞ্চায়তত আজিৰে পৰা ২৮ জুনলৈ প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত বিশাল সজাগতামূলক শিবিৰ অনুষ্ঠিত হৈছে। হিতাধিকাৰী কৃষকসকলৰ সুবিধার্থে গাওঁ পঞ্চায়তসমূহত মাহযোৰা কাৰ্যসূচীৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বেংক তথা সামুহিক সেৱাকেন্দ্ৰৰ কৰ্মচাৰীয়ে কৃষকসকলক আঁচনি সম্বন্ধীয় বিভিন্ন সমস্যা সমাধানৰ বাবে সহায় কৰিব। এই কাৰ্যসূচীত অংশ লৈ কৃষকসকলে আঁচনিৰ সুবিধা লাভৰ ক্ষেত্...