August 2, 2025 8:42 PM

views 26

প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ২০সংখ্যক কিস্তি মুকলি, অসমৰ ২০ লাখৰো অধিক কৃষক উপকৃত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ কুৰি সংখ্যক কিস্তি মোকলাই দিয়ে। এই কিস্তিৰ জৰিয়তে দেশৰ ৯ কোটি ৭০ লাখৰো অধিক কৃষকৰ মাজত ২০ হাজাৰ ৫০০ কোটি টকা বিতৰণ কৰা হয়। ইয়াৰ ভিতৰত অসমৰ ২০ লাখৰো অধিক কৃষকে মুঠ ৪২২ কোটিৰো অধিক ধন লাভ কৰিছে। ডিব্ৰুগড়ত এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। তেওঁ ভাষণ প্রসঙ্গত কৃষকসকলক উৎপাদন বৃদ্ধিৰে দেশৰ অৰ্থনীতি বিকাশৰ যাত্ৰাত সবল ভূমিকা পালন কৰি...

July 31, 2025 9:19 AM

views 23

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ’ব

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০ সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত কালি নতুন দিল্লীত এই বিষয়ক এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কিস্তিৰ ধন মোকলাই দিয়াৰ লগতে অধিক সংখ্যক কৃষকে যাতে এই আঁচনিৰ সুফল লাভ কৰিব পাৰে সেই সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকত শ্রীচৌহানে পৰহিলৈ অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা তথা গাঁও পৰ্যায়ত কৃষকসকলৰ সৈতে সংযোগ স্থাপন কৰি এই কাৰ্যসূচীত ৰাষ্ট্ৰজ...

February 21, 2025 6:24 PM

views 24

সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি কৰিব। এই আঁচনিৰ অধীনত কৃষিভূমি থকা কৃষকসকলক তিনিটা সমপৰিমাণৰ কিস্তিত প্ৰতিবছৰে ৬ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে এই অনুষ্ঠানত দেশৰ ২ কোটি ৫০ লাখ কৃষকে শাৰীৰিকভাৱে বা ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। এই আঁচনিৰ অধীনত এতিয়ালৈকে মুঠ ৩লাখ ৪৬ হাজাৰ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

June 13, 2024 11:59 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুনত মুকলি কৰিব পি এম কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুনত বাৰাণসীত পি এম কিষাণ সম্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰিব। এই কিস্তিৰ দ্বাৰা ৯ কোটি ৩০ লাখ কৃষকক প্রায় ২০ হাজাৰ কোটি টকা বিতৰণ কৰা হ'ব। এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ ১৭ লাখ ৫০ হাজাৰ কৃষকে মুঠ ৩৫০ কোটি টকা বেংক একাউণ্টযোগে লাভ কৰিব। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ২০১৯ চনত পি এম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে যোগ্য কৃষকক ছহেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি ২ হাজাৰকৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলক বেংক একাউণ্...