December 9, 2025 8:12 PM

views 15

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰে ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান কৰিছে। লোকসভাত আজি প্ৰশ্নকালৰ সময়ত পৰিপূৰক উত্তৰ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ চৌহানে কয়, যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা পৰিক্ষিত তথ্যৰ আধাৰত প্ৰধানমন্ত্রী কিষাণ পোৰ্টেলত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে হিতাধিকাৰীসকললৈ সহায় ধন বিতৰণ কৰা হয়। শ্রীচৌহানে লগতে কয় যে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত কোনো ভৌতিক আৰু আৰ্থিক লক্ষ...

November 20, 2025 8:00 PM

views 31

কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রীয়ে কালি কিষাণ সম্মান নিধিৰ ২১ সংখ্যক কিস্তি মুকলি কৰাৰ লগত সংগতি তিনিচুকীয়া জিলাত কালি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এটা পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয় আৰু গুৱাহাটীৰ কৃষি প্রযুক্তি গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত অনুষ্ঠানত তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ হেমচন্দ্ৰ শ‍ইকীয়াই আদৰণি ভাষণ দিয়ে। খাদ্য আৰু যোগান নিগমৰ সভাপতি সঞ্জয় কিষাণে কৃষকসকলক এই আঁচনিৰ ...

February 11, 2025 8:03 PM

views 29

প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিঃ ৰাজ্যত কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

ৰাজ্যৰ প্ৰতিখন জিলাতে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী পূর্ণগতিত চলি আছে। চৰাইদেউ জিলা কৃষি বিভাগে নিজৰ নামত মাটিৰ পট্টা থকা, এতিয়ালৈকে কৃষক পঞ্জীয়ন নকৰা জিলাখনৰ হিতাধিকাৰী সকলক অনতিপলমে নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনাইছে। এই আঁচনিৰ সুবিধা লাভ কৰা কৃষকে সময়তে পঞ্জীয়ন নকৰালে পৰৱৰ্তী কিস্তিৰ পৰা বঞ্চিত হ’ব বুলি কৃষি বিভাগে জানিবলৈ দিছে। বিভাগে লগতে নিজৰ নামত মাটিৰ নামজাৰি নোহোৱা হিতাধিকাৰীসকলকো শীঘ্ৰে নামজাৰিৰ বাবে আবেদ...

June 18, 2024 6:45 PM

views 34

প্রধানমন্ত্রী মোদীয়ে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিয়ে। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্মসহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণপত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ ব...

June 18, 2024 5:26 PM

views 26

বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিব। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্ম সহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলা প্ৰমাণপত্ৰ বিতৰণ কৰিব। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ বিতৰণ কৰা হ'...