January 19, 2025 12:20 PM

views 13

ভাৰতৰ সাহায্যৰে নিৰ্মিত জাফনাৰ ঐতিহাসিক সাংস্কৃতিক কেন্দ্ৰটো তিৰুৱল্লুৱৰ সাংস্কৃতিক কেন্দ্ৰ নামেৰে নামকৰণত প্ৰধানমন্ত্ৰীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সাহায্যৰে নিৰ্মাণ কৰা জাফনাৰ ঐতিহাসিক সাংস্কৃতিক কেন্দ্ৰটো তিৰুৱল্লুৱৰ সাংস্কৃতিক কেন্দ্ৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজৰ গভীৰ সাংস্কৃতিক, ভাষিক, ঐতিহাসিক আৰু সভ্যতাগত বান্ধোনৰ পৰিচায়ক বুলি অভিহিত কৰিছে।