November 15, 2024 4:49 PM

views 9

জামুইত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জামুইত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৬,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজিৰ ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। একে সময়তে তেওঁ ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ বছৰজোৰা উদযাপন পর্বও মুকলি কৰে। উল্লেখযোগ্য যে আজি অনুষ্ঠানত উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা প্রকল্পসমূহৰ জৰিয়তে জনজাতীয় সম্প্রদায়ক উন্নীত কৰাৰ লগতে অঞ্চলটোৰ দূৰণিবটীয়া তথা গ্ৰামাঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ...