March 7, 2025 8:48 PM March 7, 2025 8:48 PM
10
প্রধানমন্ত্রী জন ঔষধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ
প্রধানমন্ত্রী জন ঔষধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কামৰূপ জিলাৰ ৰামপুৰ ভাগৱতীপাৰাত থকা জন ঔষধী কেন্দ্ৰত এই দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত ঔষধ পৰিদৰ্শক ড০ শ্যামল নাথ আৰু ভাস্কৰ জ্যোতি পাঠকে জনসাধাৰণক এই কেন্দ্ৰৰ পৰা সুলভ মূল্যত ঔষধ ক্রয় কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি চৌকিডিঙিৰ জন ঔষধী কেন্দ্ৰত আয়োজিত কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে। ওডালগুৰি জিলাতো স্বাস্থ...