June 20, 2024 8:21 PM

views 23

দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে জম্মু কাশ্মীৰত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে জম্মু কাশ্মীৰত উপস্থিত হৈছে। শ্ৰীমোদীয়ে কাইলৈ শ্ৰীনগৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাক সম্বোধন কৰিব। শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন চৌহদত আয়োজিত যোগাসনৰ এই কাৰ্যসূচীত প্রায় ৭ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচী উদযাপনৰ বাবে শ্ৰীনগৰক বাছনি কৰাৰ বাবে প্রধানমন্ত্ৰীক কৃতজ্ঞতা জন...