September 26, 2024 10:16 AM

views 27

দবা অলিম্পিয়াডত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ভাৰতীয় দলৰ সদস্যক সাক্ষাৎ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত তেওঁৰ বাসগৃহত ৪৫ সংখ্যক দবা অলিম্পিয়াডত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ভাৰতীয় দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খিতাপ অৰ্জন কৰা খেলুৱৈসকলৰ মাজত আয়োজিত এখন খেল উপভোগ কৰে। উল্লেখযোগ্য যে, হাংগেৰীৰ বুডাপেষ্টত শেহতীয়াকৈ অনুষ্ঠিত চলিত বৰ্ষৰ দবা অলিম্পিয়াডৰ পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতে সোণৰ পদক অৰ্জন কৰিছে।