September 13, 2025 7:16 PM

views 11

মিজোৰাম আৰু মণিপুৰত কেইবা হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ ৰাজধানী আইজলত ৯ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ৰে'লৱে, পথ, ঘাইপথ, শক্তি আৰু ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰকল্প আছে। প্রধানমন্ত্রী মোদীয়ে নৱ নিৰ্মিত বেইৰবী-চাইৰাং ৰে'লপথ উদ্বোধন কৰি আইজলক ভাৰতীয় ৰে'লৱেৰ সৈতে আনুষ্ঠানিকভাৱে সংযোগ কৰে। তেওঁ ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বেইৰবী-চাইৰাং নতুন ৰে'লপথত তিনিখন নতুন ৰে'লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰে। চাইৰা -...