September 13, 2025 8:23 PM

views 14

মণিপুৰত যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনাইছে। এদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী আজি মণিপুৰ ভ্ৰমণ কৰে। সাত হেজাৰ ৩০০ কোটি টকাতকৈও অধিক টকা ব্যয় সাপেক্ষ ১৪ টা ভিন ভিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পাছত চুৰাচান্দপুৰ জিলাৰ পিচগ্ৰাউণ্ডত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিয়ে। শ্রী মোদীয়ে কয়, যে মণিপুৰ হৈছে আশা আৰু বিকাশৰ ভূমি, কিন্তু জাতীয় হিংসাৰ কৱলত পৰি ৰাজ্যখন জুৰুলা হৈছে। তেওঁ কয়, যে শান...