November 21, 2024 7:59 PM

views 10

জর্জটাউনত গায়েনাৰ সংসদত ভাষণ দিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জর্জটাউনত গায়েনাৰ সংসদত ভাষণ দিব। তেওঁ লগতে গায়েনা আৰু কেৰিবীয় অঞ্চলৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব আৰু দেশখনত বাস কৰা ভাৰতীয়মূলৰ এটা সমাৱেশকো সম্বোধন কৰিব। প্ৰধানমন্ত্রী মোদীক সম্প্রতি তিনি দিনীয়া ভ্রমণসূচীৰে গায়েনাত আছে। আমাৰ সংবাদদাতাই জনাইছে যে, প্রধানমন্ত্ৰী মোদীয়ে গায়েনাৰ সংসদৰ বিশেষ অধিৱেশনত ভাষণ দিব। ইয়াকে লৈ শ্ৰী মোদীয়ে বিদেশী ৰাষ্ট্ৰৰ সংসদত ভাৰতৰ জনসাধাৰণৰ হৈ চতুৰ্দশবাৰৰ বাবে ভাষণ দিব। শ্রী মোদী বিদেশ সংসদত সর্বাধিক ভাষণ দি...

November 20, 2024 11:48 AM

views 10

তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গায়ানালৈ ৰাওনা

ৰিঅ' ডি জেনেৰ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে গায়ানা লৈ ৰাওনা হৈছে৷ ১৯৬৮ চনৰ পাছত এয়া হ'ল কোনো এগৰাকী ভাৰতীয় প্রধানমন্ত্ৰীৰ প্ৰথমটো গায়ানা ভ্রমণ। শ্রীমোদীয়ে ভ্ৰমণকালত জর্জটাউনত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীৰ সৈতে আলোচনাত মিলিত হ'ব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিতীয় কেৰিকম-ভাৰত সন্মিলনত অংশগ্রহণ কৰাৰ লগতে কেৰিকম ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈ অঞ্চলটোৰ লগত ভাৰতৰ দীৰ্ঘদিনীয়া ব...