November 15, 2025 7:51 PM November 15, 2025 7:51 PM

views 12

ডেডিয়াপাড়াত ভালেমান উন্নয়ন প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি গুজৰাটৰ জনজাতীয় বসতিপ্রধান নর্মদা জিলাৰ ডেডিয়াপাড়া নগৰত ৯ হাজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। স্বাস্থ্য, আন্তঃগাঁথনি, শিক্ষা আৰু ঐতিহ্যৰ সৈতে জড়িত এই প্রকল্পসমূহত জনজাতীয় সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কিম্বদন্তী জনজাতীয় নেতা তথা স্বাধীনতা সংগ্রামী ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্মবার্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতীয় গৌৰৱ দিবস উপলক্ষে এই প্রকল্পসমূহ মুকলি কৰা হৈছে। প্রধানমন্ত্রীয়ে বীৰছ...