August 17, 2024 8:11 PM

views 17

গ্লোবেল ছাউথৰ অন্তৰ্ভুক্ত দেশসমূহক পৰস্পৰৰ বাবে শক্তি হ’ব পৰাকৈ একেলগে থিয় দিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহক পৰস্পৰ শক্তি হ'ব পৰাকৈ একেলগে সমস্বৰে থিয় দিবলৈ আহ্বান জনাইছে। তৃতীয় গ্লোবেল ছাউথ ভার্চুৱেল সন্মিলনত উদ্বোধনী ভাষণ দি প্রধানমন্ত্রীয়ে সাম্প্রতিক বিশ্বৰ অনিশ্চয়তা আৰু প্ৰত্যাহ্বান ভৰা বাতাবৰণক লৈ উদ্বেগ প্ৰকাশ কৰে। কোভিড-১৯ৰ প্ৰভাৱৰ পৰা বিশ্ব এই পর্যন্ত মুক্ত নোহোৱাৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয় যে, সংঘাটৰ বিষয়সমূহে গ্লোবেল চাউথ ৰাষ্ট্ৰসমূহৰ বিকাশ যাত্ৰাত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কয় যে, গ্লোবেল চাউথ দেশসমূহ...