November 22, 2025 9:00 PM

views 21

জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত চলি থকা জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে আজি ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰৰ্মাৰক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে জোহান্সবার্গত প্ৰধানমন্ত্ৰী ষ্টাৰৰ্মাৰক সাক্ষাৎ কৰি তেওঁ নথৈ আনন্দিত হৈছে। তেওঁ কয়, যে ভাৰত-ব্রিটেইনৰ মাজৰ সম্পৰ্কই এই বছৰ নতুন গতি লাভ কৰিছে আৰু দুয়োপক্ষই বিভিন্ন ক্ষেত্রত এই সহযোগিতাই আগবঢ়াই নিব। প্রধানমন্ত্রীয়ে লগত সন্মিলনৰ আপাহতে ৰাষ্ট্ৰ সংঘৰ সচিব প্রধান এন্টনিঅ গুটেৰচৰ সৈতে ফলপ্রসু আলোচনাত মিলি...

November 22, 2025 11:52 AM

views 20

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত আজিৰে পৰা জি-২০ শীৰ্ষ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত আজিৰে পৰা হ'বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে এই শীৰ্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্ৰহণ কৰিব আৰু গোলকীয় দক্ষিণ, বহনক্ষম উন্নয়ন, জলবায়ু শীর্ষক কাৰ্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য আগবঢ়াব। এয়া হ'ব প্ৰধানমন্ত্ৰীৰ দ্বাদশবাৰৰ বাবে জি-২০ শীর্ষ সন্মিলনত অংশগ্রহণ। প্ৰথমবাৰৰ বাবে আফ্রিকা মহাদেশত হ'বলগীয়া এই সন্মিলন বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। এই বছৰৰ এই শীৰ্ষ সন্মিলনৰ মূ...