May 29, 2025 12:59 PM

views 21

শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগৰ আহ্বান

কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচনিৰ অধীনত মাত্ৰ এশ টকাত ১ হেক্টৰ কৃষি ভূমিৰ শস্য বীমা কৰিব পাৰিব বুলি জিলা কৃষি বিভাগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে কৃষকসকলে শালি খেতিৰ বাবে ৩১ জুলাই পর্যন্ত পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ বাবে আধাৰকাৰ্...

January 1, 2025 9:01 PM

views 33

প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত

কেন্দ্রীয় মন্ত্রীসভাই আজি প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু নতুন ৰূপত সজাই তোলা বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তই দেশৰ কৃষকসকলক আকস্মিক প্রাকৃতিক দুৰ্যোগৰ সময়ত শস্যসমূহৰ হোৱা ক্ষতি জোৰা মৰাত সহায় কৰিব। তদুপৰি এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যাপক ব্...