March 13, 2025 9:26 PM

views 27

হোলী উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে হোলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰঙৰ উৎসৱ হোলীয়ে আনন্দ আৰু উৎসাহ কঢ়িয়াই আনে। এই উৎসৱে আমাৰ জীৱনত ঐক্য আৰু ভাতৃত্ববোধৰ মনোভাৱ জগাই তোলে বুলি তেওঁ কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে আনন্দ আৰু সুখেৰে ভৰা এই উৎসৱে সকলোৰে জীৱনত নতুন উদ্যম আৰু শক্তিৰ সঞ্চাৰ কৰিব। এই উৎসৱে দেশবাসীৰ মাজত ঐক্যৰ ৰং গভীৰ কৰি তুলিব বুলি তেওঁ ক...