October 31, 2025 11:39 AM

views 48

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিব। শ্রীমোদীয়ে একতাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰতিবছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। এই দিনটো ৰাষ্ট্ৰীয় একতা, সংহতি আৰু সুৰক্ষাৰ প্ৰসাৰৰ বাবে উৎসর্গিত। এই দিৱসে লগতে জনসাধাৰণক নিজৰ দেশ আৰু সংস্কৃতিক লৈ গৌৰৱান্বিত হ'বলৈ উৎসাহিত কৰে। এই বছৰৰ ৰাষ্ট্ৰীয় এ...