July 5, 2024 8:01 PM July 5, 2024 8:01 PM
7
২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা সামগ্ৰীৰ মূল্যত সৰ্বধিক বৃদ্ধিৰ বাবে প্রধানমন্ত্ৰীৰ প্ৰশংসা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা সামগ্ৰীৰ মূল্যত সৰ্বধিক বৃদ্ধিৰ বাবে দেশখনক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে ইয়াক উৎসাহজনক উন্নয়ন বুলি অভিহিত কৰি এই কৃতিত্বত অৰিহণা যোগোৱা সকলোকে অভিনন্দন জনাইছে। তেওঁ কৈছে যে, ভাৰতক আগশাৰীৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে উপযোগী পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ই দেশৰ নিৰাপত্তাৰ সৈতে জড়িত সকলো সজুলি বৃদ্ধি কৰিব আৰু ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লে...