June 16, 2025 9:00 PM
13
ভাৰত–চাইপ্ৰাছ অংশীদাৰিত্ব গণতান্ত্রিক মূল্যবোধ আৰু আইনৰ শাসনত দৃঢ়তাৰে শিপাই আছে : প্ৰধানমন্ত্ৰী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত –চাইপ্ৰাছ অংশীদাৰিত্ব গণতান্ত্রিক মূল্যবোধ আৰু আইনৰ শাসনত দৃঢ়তাৰে শিপাই আছে । তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ মিত্ৰতা পৰিস্থিতি অথবা সীমাৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰঞ্চ সময়ৰ সোতত এই বন্ধুত্ব গঢ় লৈ উঠিছে। চাইপ্ৰাছৰ ৰাজধানী নিকোচিয়াত ৰাষ্ট্ৰপতি ভৱনত দেশখনৰ ৰাষ্ট্ৰপতি নিকোচ খ্ৰিষ্ট'ডৌলিদেচৰ সৈতে আজি প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ আগত শ্রীমোদীয়ে এইদৰে কয় । তেওঁ উল্লেখ কৰে যে, চাইপ্ৰাছৰ ভিজন ২০৩৫ আৰু ভাৰতৰ বিকশিত ভাৰত ২০৪৭ ৰ মাজত বহু ...