April 29, 2025 7:54 PM

views 19

ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰা কমলা প্ৰসাদ বিচেচৰক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কমলা প্ৰসাদ বিচেচৰক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট'বেগ'ৰ সৈতে থকা ঐতিহাসিক সম্পর্কক লৈ ভাৰতে সদায় গৌৰৱ অনুভৱ কৰে। শ্ৰীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট'বেগ'ৰ সৈতে সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে ইয়াৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে শ্রীবিচেচৰৰ সৈতে কাম কৰি যাবলৈ তেওঁ সদায় আগ্রহী।

December 17, 2024 11:31 AM

views 19

এছিয়া কাপ হকী প্ৰতিযোগিতাৰ খিতাপ জয় কৰা ভাৰতৰ জুনিয়ৰ মহিলা দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ হকী প্ৰতিযোগিতাৰ খিতাপ জয় কৰা ভাৰতৰ জুনিয়ৰ মহিলা দলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ দলটোৰ ধাৰাবাহিকতা আৰু দৃঢ়তাক প্ৰশংসা কৰাৰ লগতে পৰৱৰ্তী প্ৰতিযোগিতাসমূহৰ বাবে শুভেচ্ছা জনায়। এই সফলতাই হকীৰ প্ৰতি যুৱ চামৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি পোৱাকে সূচাইছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

July 19, 2024 7:51 PM

views 19

ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱাউচুলা-বন ডেৰ লেএনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হোৱা বাবে উচুলা-বন ডেৰ লেএনক অভিনন্দন জনাইছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ বিশ্বৰ ভালৰ বাবে কৌশলগত সহযোগিতা সুদৃঢ় কৰা উদ্দেশে একেলগে কাম কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। ইউৰোপীয় আয়োগৰ অধ্যক্ষ হিচাপে এয়া ৱ'ন ডেৰ লেএনৰ দ্বিতীয় কার্যকাল হ'ব।

July 15, 2024 6:35 PM

views 22

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কে পি শর্মা অ’লীক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কে পি শর্মা অ'লীক শুভেচ্ছা জনাইছে। শ্রীমোদীয়ে এটা বাৰ্তাত কয় যে, তেওঁ ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্বক আৰু অধিক দৃঢ় কৰি তোলাৰ লগতে দ্বিপাক্ষীক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব।

July 5, 2024 8:05 PM

views 16

ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কীৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীমোদীয়ে কয় যে ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰত সদায়েই আগ্রহী। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্রহী বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় অৱদান আগবঢ়োৱা ৰিছি চুনকাৰ প্রতিও কৃতজ্ঞতা প্রকাশ কৰিছে।