July 16, 2025 12:37 PM

views 28

উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত ৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাক লৈ শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোত চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি আহিছে। প্রধানমন্ত্ৰীয়ে নিজৰ বাৰ্তাত আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে মৃতকৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰে। প্রধানমন্ত্ৰীয়ে লগতে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহত ব্যক্তিৰ আত্মীয়লৈ ২ লাখ টকাকৈ আৰু প্ৰতিগৰাকী আহত ব্যক্তিক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ'ব বুলি ঘোষণা কৰে ৷ ...

February 18, 2025 7:16 PM

views 26

স্বামী ৰামকৃষ্ণ পৰমহংসৰ জয়ন্তীত প্রধানমন্ত্ৰীৰ শ্ৰদ্ধা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি স্বামী ৰামকৃষ্ণ পৰমহংসৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোডীয়ে কয়, যে স্বামী ৰামকৃষ্ণ পৰমহংসৰ মা কালীৰ প্ৰতি থকা গভীৰ ভক্তিৰ বাবে তেওঁৰ জীৱনত ভালেমান প্রভাৱ বিস্তাৰ কৰে।

February 5, 2025 8:32 PM

views 27

ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয় যে আগা খানে তেওঁৰ জীৱন সেৱা মনোভাৱ আৰু আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে অতিবাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আগা খান চতুর্থই স্বাস্থ্য, শিক্ষা, গ্রামোন্নয়ন আৰু মহিলা সবলীকৰণৰ বাবে কৰা কৰ্মৰাজিয়ে ভালেমান লোকক অনুপ্রাণিত কৰি থাকিব। প্রধানমন্ত্রী মোদীয়ে সমগ্ৰ বিশ্বৰ আগা খানৰ কোটি কোটি শুভাকাংক্ষী, অনুগামী আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবে...

February 4, 2025 6:52 PM

views 31

গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, যে প্রয়াত চোলাংকি তেওঁৰ সাধাৰণ জীৱন আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতি আগবঢ়োৱা কল্যাণমূলক সেৱাৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। শ্ৰী মোদীযে মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমৱেদনা জ্ঞাপন কৰে।

December 1, 2024 12:22 PM

views 26

গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষক ড০ পৃথীন্দ্ৰ মুখাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে ড০ মুখার্জী এগৰাকী বহুমুখী ব্যক্তিত্বৰ অধিকাৰী আছিল যিয়ে বৈদ্ধিক জগতখনলৈ শক্তিশালী চিহ্ন এৰি গৈছে। শ্ৰী মোদীয়ে কয়, যে তেওঁৰ ৰচনা শৈলী আৰু কাৰ্যই ভৱিষ্যততো প্ৰশংসনীয় হৈ ৰ'ব।

September 28, 2024 10:37 AM

views 30

আগশাৰীৰ কৃষক পদ্মশ্ৰী পপ্পাম্মালৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য কৰা আগশাৰীৰ কৃষক পদ্মশ্ৰী পপ্পাম্মালৰ বিয়োগত শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে কয় যে, মানুহে তেওঁক নম্ৰ আৰু দয়ালু স্বভাৱৰ বাবে প্ৰশংসা কৰিছিল।

September 26, 2024 10:20 AM

views 24

প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোকপ্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজস্থানৰ সুৰসাগৰৰ প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে কয় যে, জন কল্যাণমূলক কামৰ বাবে বিধায়কগৰাকী চিৰস্মৰণীয় হৈ ৰ'ব। শেহতীয়া যোধপুৰ ভ্ৰমণৰ সময়ত প্রয়াত ব্যাসে বিমান বন্দৰলৈ আহি প্রধানমন্ত্রীক আশীৰ্বাদ প্ৰদান কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

July 20, 2024 12:46 PM

views 22

ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ গভীৰ শোকপ্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত গভীৰ শোকপ্রকাশ কৰিছে। শ্রীমোদীয়ে এটা শোকবার্তাত কৈছে যে, দুখৰ এই ক্ষণত ভাৰত ভিয়েটনামৰ জনসাধাৰণ আৰু নেতৃত্বৰ সৈতে আছে। ভিয়েটনামৰ শাসকীয় কমিউনিষ্ট দলৰ সাধাৰণ সম্পাদক তথা দেশখনৰ শীৰ্ষ নেতা নুয়েন ফু ট্রোঙৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। দলে এটা বিবৃতি যোগে কৈছে যে, বার্ধক্যজনিত কাৰণ আৰু গুৰুত্বৰ ৰোগৰ বাবে টোঙৰ দেহাৱসান ঘটে। নুয়েন ফু ট্ৰোং ১৩ বছৰ পৰ্যন্ত ভিয়েটনামৰ আটাইতকৈ শীর্ষ পদত আছিল।

June 12, 2024 8:17 PM

views 20

কুৱেইট মহানগৰীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইট মহানগৰীত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে এটা বাতৰি জৰিয়তে আত্মীয়ক হেৰুওৱা লোকসকলৰ প্ৰতি সহমর্মিতা প্রকাশ কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়। তেওঁ লগতে কয় যে, কুৱেইটত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি নিবিড়ভাবে পর্যবেক্ষণ কৰি আছে। ভুক্তভোগীসকলক সাহায্য প্ৰদান কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষৰ সৈতে কাম কৰি আছে বুলিও তেওঁ সদৰী কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰিছে যে প্রধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অগ...