July 16, 2025 12:37 PM July 16, 2025 12:37 PM
14
উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত ৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাক লৈ শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোত চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি আহিছে। প্রধানমন্ত্ৰীয়ে নিজৰ বাৰ্তাত আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে মৃতকৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰে। প্রধানমন্ত্ৰীয়ে লগতে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহত ব্যক্তিৰ আত্মীয়লৈ ২ লাখ টকাকৈ আৰু প্ৰতিগৰাকী আহত ব্যক্তিক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ'ব বুলি ঘোষণা কৰে ৷ ...