September 15, 2025 11:49 AM

views 15

দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে ঘোষণা কৰিছে। দৰং জিলাৰ মঙলদৈত কালি জনসভাত অংশ লৈ প্ৰধানমন্ত্রী মোদীয়ে কয়, যে অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা দেশক মুক্ত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ সংকল্পবদ্ধ। তেওঁ লগতে দেশৰ সম্পদ আৰু জনসাধাৰণৰ অধিকাৰৰ ওপৰত অনুপ্ৰৱেশকাৰীৰ প্ৰভূত্ব কেতিয়াও মানি লোৱা নহয় বুলি মন্তব্য কৰে। শ্ৰীমোদীয়ে ভকেল ফৰ লোকেলৰ বাবে আহ্বান জনাই গামোচাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ সকলোকে স্বদেশত নির্মিত সামগ্রী ক্রয...