April 11, 2024 7:31 PM

views 31

ভাৰত-চীনৰ সম্পৰ্ক উন্নীতকৰণৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি প্রধানমন্ত্রীৰ মত প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত-চীনৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে, দেশ দুখনৰ মাজৰ সম্পৰ্ক সুস্থিৰ আৰু শান্তিপূৰ্ণ কৰি তোলাটো সমগ্ৰ অঞ্চল তথা বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আলোচনীত দিয়া এটা সাক্ষাৎকাৰত প্রধানমন্ত্ৰীগৰাকীয়ে কূটনৈতিক আৰু সামৰিক পৰ্যায়ত ইতিবাচক আৰু গঠনমূলক দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে দুয়োখন দেশেই সীমান্তত শান্তি, সুস্থিৰ অৱস্থা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব বুলি ...