April 8, 2024 8:26 PM

views 24

দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী :- প্ৰধানমন্ত্ৰী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী। চত্তিশগড়ৰ বাষ্টাৰ খণ্ডৰ আমাবল গাওঁত অনুষ্ঠিত এখন জনসভাত ভাষণ দি আজি শ্রীমোদীয়ে কয় যে, জনসাধাৰণৰ সপোনেই হৈছে মোদীৰ গেৰাণ্টী। তেওঁ কয় যে, তেওঁৰ লক্ষ্য হৈছে দেশৰ বিকাশ সাধন তথা প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালী কৰি তোলা। শ্রীমোদীয়ে কয় যে, বিগত ১০ বছৰত কেন্দ্ৰত থকা বিজেপি চৰকাৰে দৰিদ্ৰ লোকৰ বাবে বহুবোৰ কল্যাণমূলক আঁচনি হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰসকলক তেওঁলোকৰ...