May 28, 2024 1:00 PM

views 26

দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী আজি কলকাতালৈ ৰাওনা

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কলকাতালৈ যাব। তাত তেওঁ বাৰাছাট, যাদৱপুৰ আৰু উত্তৰ কলকাতা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। প্রধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি বাৰাছাট সংসদীয় সমষ্টিত এখন জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছত তেওঁ যাদৱপুৰত আন এখন সভাত অংশগ্রহণ কৰাৰ উপৰি উত্তৰ কলকাতা লোকসভা সমষ্টিত এটা ৰোড শ্ব’ত ভাগ ল'ব। শ্যামবজাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্বৰ স্বামী বিবেকানন্দনৰ পৈত্ৰিক গৃহৰ সমীপত অন্ত পৰিব।

May 14, 2024 11:15 AM

views 28

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰি ভোটদাতাক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিজৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ৰোড শ্ব'ৰ সময়ত পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক সমবেত হোৱা পৰিলক্ষিত হয়। শ্রীমোদীয়ে সন্ধিয়াৰ ভাগত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বাহিৰৰ মহামনা মোদন মো...

May 4, 2024 7:51 PM

views 46

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন। এই উপলক্ষে ঘাই ঘাই দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিহাৰৰ দৰভাংগাত আজি এখন নির্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন চৰকাৰসমূহে বিহাৰৰ ভৱিষ্যত ধ্বংস কৰা বুলি অভিযোগ তোলে । শ্রী মোদীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আৰ জে ডি নেতা তেজস্বী প্রসাদ যাদৱে আগবঢ়োৱা কামৰ খতিয়ানৰ ৰিপ'ৰ্ট কার্ডে তেওঁলোকৰ পূৰ্বৰ চৰকাৰ...

April 25, 2024 5:48 PM

views 30

বিজেপিয়ে সবকা সাথ, সবকা বিকাশ মন্ত্ৰেৰে কাম কৰি আছে : প্রধানমন্ত্ৰী

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপিয়ে সবকা সাথ, সবকা বিকাশ মন্ত্ৰেৰে কাম কৰি আছে। মধ্য প্ৰদেশৰ ম'ৰেনাত পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত জনসভাত ভাষণ দি শ্রী মোদীয়ে কৈছে যে বিজেপিৰ বাবে দেশতকৈ আন কোনো ডাঙৰ নহয় ৷ জাতি আৰু ধৰ্ম নিৰ্বিশেষে দেশৰ কোটি কোটি দৰিদ্ৰক বিনামূলীয়াকৈ ৰেচন প্ৰদান কৰা হৈছে বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে। বিজেপি শাসনলৈ আহিলে ‘ৱান ৰেংক, ৱান পেঞ্চন' নীতি প্রযোজ্য কৰিব বুলিও শ্রী মোদীয়ে আজিৰ সভাত প্ৰতিশ্ৰুতি দিয়ে।