December 1, 2025 9:28 PM

views 27

পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এইপর্যন্ত ২ কোটি ৭২ লাখ হস্তশিল্পী অন্তৰ্ভুক্ত

পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত এই পর্যন্ত ২ কোটি ৭২ লাখ হস্তশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৰাজ্য মন্ত্ৰী শোভা কন্দলাজে আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ২৩ লাখৰো অধিক হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু ৭ লাখ হিতাধিকাৰীক ২৩ কোটি টকাৰো অধিক ডিজিটেল উদগণি প্ৰদান কৰা হৈছে। ২০২৩ বৰ্ষত আৰম্ভ কৰা এই আঁচনিয়ে ৫ বছৰৰ বাবে চাৰুকলা শিল্পী আৰু হস্তশিল্পীসকলক সহায় আগবঢ়ায়।