April 4, 2025 8:30 PM

views 24

ভাৰতত দুর্যোগ ব্যৱস্থাপনাৰ বিমষ্টেক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’বঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্রকাশ কৰে। তেওঁ লগতে কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্ৰয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমষ্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্...

April 4, 2025 8:25 PM

views 14

বিমষ্টেক শীৰ্ষ সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ চমু বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ আহৰিত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে এখন চমু বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে এই বৈঠকত চুবুৰীয়া দেশখনত এখন গণতান্ত্রিক সুস্থ, শান্তিপূর্ণ, প্ৰগতিশীল আৰু সকলো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ বৰ্তি থকাৰ বাবে ভাৰতে সদায়েই সহযোগিতা আগবঢ়াব বুলি বাংলাদেশী নেতাগৰাকীক আশ্বাস দিয়ে। শ্রীমোদীয়ে দুয়ো দেশৰ মাজৰ সীমান্তত প্ৰচলিত আইনৰ সঠিক ৰূপায়ণ আৰু সীমান্তইদি অবৈধ অনুপ্রবেশ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ ক...

April 4, 2025 5:12 PM

views 22

আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্ৰকাশ কৰি কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্রয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীর্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমস্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্ষ সন্মিলনৰ ...

March 29, 2025 11:43 AM

views 20

ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৩ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে থাইলেণ্ডলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ন চীনাৱাট্টাৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পূবৰ সচিব জয়দীপ মজুমদাৰে কয়, যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। শ্রীমজুমদাৰে কয়, যে ভাৰত আৰু থাইলেণ্ডৰ মাজত ঐতিহাসিক দ্বিপাক্ষিক সম্পর্ক আছে। থাইলেণ্ড ভাৰতৰ সামুদ্রিক ওচৰ-চুবুৰীয়া দেশ তথা BIMSTEC, এক-ইষ্ট নীতি আৰু ভাৰ...