May 30, 2025 7:00 PM

views 17

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ কেতিয়াও থমকি নৰয় : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ কেতিয়াও থমকি নৰয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাৰাকাটত আয়োজিত এটা অনুষ্ঠানত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে সীমান্তৰ সিপাৰৰ পৰাই হওক অথবা দেশৰ ভিতৰভাগতেই হওক, ভাৰত সন্মুখীন হোৱা যিকোনো ভাবুকিৰ বিৰুদ্ধে উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ দেশখন দৃঢ় সংকল্পবদ্ধ। অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ লগতে সমগ্ৰ বিশ্বই ভাৰতৰ জীয়ৰীসকলৰ সেন্দূৰৰ শক্তি আৰু সীমান্ত নিৰাপত্তাবাহনীৰ শৌৰ্য আৰু সাহসৰ উমান পাইছে বুলি প্ৰকাশ কৰি তেওঁ লগতে কয়, যে এয়া মাথোন আমাৰ তূণত থকা ...