January 2, 2026 12:30 PM January 2, 2026 12:30 PM

views 2

এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজৰ বহু প্রত্যাশিত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন কৰিব। ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী ১৫-২০ দিনৰ ভিতৰত ১৮ বা ১৯ জানুৱাৰীত এই ৰে'লসেৱা মুকলি কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রীক ইতিমধ্যে এই ৰে'লসেৱা মুকলি কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে আৰু সকলো প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে। তেওঁ লগতে দুই-এদিনতে এই ৰে'লসেৱা মুকলিৰ নিশ্চিত দিন ঘোষণা কৰা হ'ব বুলি প্রকাশ কৰে। তেওঁ কয়, যে ৮২৩ গৰাকী যাত্...