January 21, 2026 12:14 PM
9
বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছত যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ
গুৱাহাটীৰ কামাখ্যা, আৰু কলকতাৰ হাওৰাৰ মাজত প্ৰথমবাৰৰ বাবে বন্দে ভাৰত শ্লিপাৰ ৰে'লৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছতে যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি টিকেটৰ সংৰক্ষণ মুকলি কৰি দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে সকলোবিলাক আসনৰে টিকট বিক্রী হয়। টিকেটৰ এই খৰতকীয়া বিক্ৰীয়ে বন্দে ভাৰত ৰে'লৰ গতি, আৰামদায়ক তথা আধুনিক সা-সুবিধা আদি যাত্ৰীসকলে উপভোগ কৰিবৰ বাবে আগ্ৰহী হৈ উঠাৰ কথাকে প্ৰতিফলিত কৰে। যোৱা সপ্তাহত প্রধানমন্ত্রীয়ে এই ৰে'ল যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। ৰে'লখনে কামাখ্যাৰ প...