November 25, 2025 6:33 PM

views 18

ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। শ্ৰীৰামচন্দ্ৰ নিজেই মূল্যবোধৰ প্ৰতীক আছিল আৰু এতিয়াও তেওঁ দেশৰ প্ৰতিটো অংশতে বিদ্যমান বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ দেশখনক আমি ৰামৰাজ্যৰ ভাৰতৰ দৰে কৰি তুলিবলৈ বিচাৰো । উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী মোডীয়ে আজি পবিত্ৰ শ্ৰীৰামজন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ জৰিয়তে এই মন্দিৰৰ ...