January 18, 2026 9:01 PM
16
পশ্চিমবংগৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আধাৰশিলা স্থাপন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত এখন জনসভাত অংশগ্ৰহণ কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবঙ্গৰ যুৱচাম কৃষক তথা মহিলাসকলৰ প্ৰগতিৰ হকে অবিৰতভাৱে কাম কৰিছে। ৰাজ্যখনৰ সকলো প্ৰান্ততে জীৱিকাৰ সুবিধাসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো উন্নয়নমূলক আঁচনি মুকলি কৰা বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্রকল্প পতাকা জোকাৰি মুকলি কৰে। প্ৰধানমন্ত্ৰী...