January 6, 2026 12:29 PM

views 17

অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসম ভ্ৰমণ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ অংশ স্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৮ জানুৱাৰীত কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নির্মাণ হ'বলগীয়া ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রীয়ে জনসভাত অংশগ্ৰহণ কৰিবলগীয়া মৌচন্দা পথাৰত কালি নিশা উপস্থিত হৈ প্রস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীৰ ...

December 20, 2025 12:29 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত নিষেধাজ্ঞা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। কালি এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই এই বিষয়ে প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি যান- বাহনৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হোৱা নাই। অৱশ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত জনসাধাৰণক পাণবজাৰ-ফাঁচীবজাৰ পথ, ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখৰা, বৰাগাঁও অঞ্চলৰ পথসমূহ এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে।

December 20, 2025 11:53 AM

views 29

দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

পশ্চিমবংগ ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে প্ৰায় ১৫ হাজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অর্কিড টার্মিনেল ভৱন উদ্বোধন কৰিব। ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ ...

December 4, 2025 12:42 PM

views 15

প্রধানমন্ত্রীৰ অসম ভ্রমণ সন্দর্ভত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রীৰ গুৰুত্বপূর্ণ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া অসম ভ্রমণ সন্দর্ভত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। প্রধানমন্ত্রীৰ এই দুদিনীয়া অসম ভ্রমণকালত বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্রধানমন্ত্রীগৰাকীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈৰ এটা প্রতিমূর্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রী শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগ...

February 22, 2025 11:33 AM

views 20

পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ অসমৰ চাহৰ ২০০ বছৰীয়া ঐতিহ্য উদযাপনৰ উদ্দেশ্যে হ'বলগীয়া ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আহিব। সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীতো ভাগ ল'ব। প্রধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। প্ৰধানমন্ত্রী আদৰাৰ বাবে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক দলসমূহে অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্ৰধা...

February 5, 2025 8:13 PM

views 15

২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া ভ্রমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব। ৰাজ্যখনত ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন প্রধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সংবাদ মাধ্যমৰ আগত এইবিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্রীগৰাকী অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’বহি। মুখ্যমন্ত্ৰীয়ে যোৱা দুদিনত নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি বিত্...