April 17, 2025 7:41 PM

views 21

ভূতপূৰ্ব প্ৰধানমন্ত্রী চন্দ্ৰশেখৰৰ জন্মবার্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূতপূৰ্ব প্ৰধানমন্ত্রী চন্দ্ৰশেখৰৰ জন্মবার্ষিকী উপলক্ষে আজি প্ৰয়াত নেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে চন্দ্ৰশেখৰে তেওঁৰ ৰাজনৈতিক দৃষ্টিভংগীৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ স্বাৰ্থক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰিছিল। সামাজিক সংহতি আৰু ৰাষ্ট্ৰ গঠনৰ হকে তেওঁ গ্ৰহণ কৰা প্ৰচেষ্টাসমূহ চিৰস্মৰণীয় হৈ ৰ'ব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে লগতে মত প্ৰকাশ কৰে।