April 9, 2025 7:09 PM

views 17

প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ প্ৰথমলানি বৈঠক অনুষ্ঠিত

মুখ্য সচিবৰ অধ্যক্ষতাত প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক পৰ্যায়ৰ অনুমোদন আৰু নিৰীক্ষণ সমিতিৰ প্ৰথমলানি বৈঠক অনুষ্ঠিত হয়। সমিতিখনে একীকৃত ৱেব পোৰ্টেলৰ জৰিয়তে দাখিল কৰা ১ লাখ ৮২ হাজাৰ ৬৩২খন আবেদনৰ পৰ্যালোচনা কৰে। সত্যাসত্য নিৰূপণৰ পাছত ২৯ হাজাৰ যোগ্য হিতাধিকাৰীৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ৰাজ্যখনত এই আঁচনি প্ৰৱৰ্তন হোৱাৰে পৰা ১ লাখ ৬৫ হাজাৰ ৫৪২টা বাসগৃহত আবণ্টন দিয়া হৈছে আৰু ইয়াৰে ১ লাখ ১৯ হাজাৰ ৩৪০টা বাসগৃহৰ কাম সম্পূৰ্ণ হৈছে।