August 12, 2025 8:26 PM

views 18

নগাঁৱৰ ঢাকাইপট্টি নামৰ অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চ’ক নামেৰে নামকৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে নগাঁও জিলাৰ ঢাকাইপট্টি নামৰ অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চ'ক নামেৰে নামকৰণ কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি সংবাদমেলযোগে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে। শেহতীয়াকৈ ঢাকাইপট্টিত সংঘটিত হোৱা এটা অনাকাংক্ষিত ঘটনাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই অঞ্চলটোৰ নাম সলনি কৰাৰ নিৰ্দেশ দিছিল। বিধায়ক ৰূপক শৰ্মাৰ পৰিকল্পনাত অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চ'ক নামেৰে নামকৰণ কৰা হৈছে বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ সংশ্লিষ্ট অঞ্চলটোৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহক এমাহৰ ভিত...