October 3, 2025 6:59 PM

views 14

১৫ খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা জলসম্পদ বিভাগৰ

ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ১৫ খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা কৰিছে। নদী সংযোগ কৰি এই জলাশয়সমূহ খনন কৰা হ'ব। জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ বাবে ৬৯২ কোটি টকাৰ অনুমোদন দিছে। শোণিতপুৰত এটা বৃহৎ জলাশয় খনন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

June 21, 2025 8:08 PM

views 22

ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এটি কলি দুটি পাত আঁচনি সন্দৰ্ভত পর্যালোচনা পীযূষ হাজৰিকাৰ

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনত ৰূপায়িত হৈ থকা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনি সন্দৰ্ভত পর্যালোচনা কৰে। ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী শ্ৰীহাজৰিকাই আঁচনিখনৰ সফল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। আঁচনিদুখনৰ পৰা যাতে যোগ্য হিতাধিকাৰী বাদ পৰি নাযায়, তাৰ বাবে বিষয়াসকলক আঁচনিৰ সঠিক ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিবলৈ তেওঁ লগতে নির্দেশ দিয়ে।

September 10, 2024 12:35 PM

views 16

জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰ সৈতে পীযূষ হাজৰিকাৰ পর্যালোচনা বৈঠক

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জনতা ভৱনৰ নিজৰ কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি অন্যান্য অভিযন্তাৰ সৈতে বিভাগীয় কামকাজৰ পৰ্যালোচনা কৰে। শ্ৰী হাজৰিকাই জলাশয় উন্নয়নৰ কামৰ পৰ্যালোচনা কৰি নদীৰ সৈতে সংলগ্ন নির্দিষ্ট কিছুমান জলাশয় বাচনি কৰি বান নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ উন্নয়ন কৰিবলৈ নির্দেশ দিয়ে। জলসম্পদ বিভাগে প্রাথমিক পর্যায়ত এনে ৯টা দলাশয় বাচনি কৰি ক্ষে...

July 25, 2024 7:06 PM

views 17

বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে পীযূষ হাজৰিকাৰ আজি পর্যালোচনা বৈঠক

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ লক্ষ্যৰে অনুমোদিত কামসমূহ নিৰ্ধাৰিত সময়ত প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অভিনৱ কৌশল তথা প্ৰযুক্তিৰ সহায়ত কামসমূহ পূৰ্বতকৈ কিদৰে উন্নত কৰিব পাৰি এই বিষয়ে আলোচনা কৰে। তদুপৰি বৰ্তমানেও ৰূপায়িত হৈ থকা কাম- কাজসমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। ইপিনে ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি মৰি...

July 23, 2024 6:59 PM

views 15

নগাঁৱত জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে পীযূষ হাজৰিকাৰ বৈঠক

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লয়। জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে এখন পর্যালোচনা বৈঠকতো অংশ লয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰে বানত ক্ষতিগ্রস্তসকলকো সাহায্য প্ৰদান কৰা হ'ব। তেওঁ কয় যে জিলাখনৰ চাৰি লাখ লোক আৰু ৪৫০ টা বাসগৃহ এই বানত ক্ষতিগ্ৰস্ত হৈছে। বাৰিষাৰ পাছতে জিলাখনৰ কামপুৰৰ চাংচকীত উন্নত প্রযুক্তিৰে মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰধানমন্ত্রী...