October 3, 2025 6:59 PM October 3, 2025 6:59 PM
6
১৫ খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা জলসম্পদ বিভাগৰ
ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ১৫ খন ঠাইত বৃহৎ জলাশয় খননৰ পৰিকল্পনা কৰিছে। নদী সংযোগ কৰি এই জলাশয়সমূহ খনন কৰা হ'ব। জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ বাবে ৬৯২ কোটি টকাৰ অনুমোদন দিছে। শোণিতপুৰত এটা বৃহৎ জলাশয় খনন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।