September 22, 2024 8:22 PM

views 30

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলৰ দ্বাৰা  ছিংগাপুৰত বিনিয়োগ ভাৰতৰ নতুন কাৰ্যালয় মুকলি

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে আজি ছিংগাপুৰত বিনিয়োগ ভাৰতৰ নতুন কাৰ্যালয় মুকলি কৰে। এই কাৰ্যালয়টোৱে বিভিন্ন ক্ষেত্ৰত ভাৰতত বিনিয়োগ কৰিব বিচৰা কোম্পানীসমূহৰ বাবে যোগাযোগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰিব আৰু ইয়াৰ ফলত সহযোগিতা বৃদ্ধি পাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ছেপ্তেম্বৰত ছিংগাপুৰ ভ্ৰমণৰ সময়ত এই কাৰ্যালয়টো স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। ছিংগাপুৰৰ এই কাৰ্যালয়টো হৈছে বিনিয়োগ ভাৰতৰ বিদেশত থকা প্ৰথমটো কাৰ্যালয়। এই উপলক্ষে দিয়া ভাষণত শ্রীগোৱেলে কয়...

September 22, 2024 11:09 AM

views 32

প্রায় ৭ শতাংশ বিকাশৰ হাৰেৰে ২০২৭ চনত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছেঃ পীযূষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে কৈছে যে, প্রায় ৭ শতাংশ আনুমানিক বিকাশৰ হাৰেৰে ২০২৭ চনত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। কালি লাওছত পূব- এছিয়াদেশসমূহৰ বিত্ত মন্ত্ৰীসকলৰ দ্বাদশ সন্মিলনত অংশগ্ৰহণ কৰি গোৱেলে এইদৰে কয়। গোৱেলে এই মঞ্চক শক্তিশালী কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে আৰু শান্তি, স্থিৰতা আৰু অৰ্থনৈতিক সমৃদ্ধিৰ ক্ষেত্ৰত এই মঞ্চৰ ভূমিকাৰ শলাগ লয়। গোৱেলে লগতে বিশ্ব বাণিজ্য সংস্থাক মুক্ত, স্বচ্ছ আৰু অন্তৰ্ভুক্তিমূলক কৰাৰ উদ্দেশ্যে ইয়াৰ সংস্...

September 16, 2024 8:04 PM

views 24

দিল্লীত ভাৰত ষ্টার্ট আপ ন’লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ভাৰত ষ্টার্ট আপ ন'লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি কৰে। ভাস্কৰ হৈছে অনলাইন আদান-প্ৰদানৰ এখন মঞ্চ, যিয়ে ষ্টার্ট-আপ বিনিয়োগকাৰী সেৱা প্ৰদানকাৰী আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহকে ধৰি ঔদ্যোগীকৰণৰ মূল অংশীদাৰসকলৰ মাজত সহযোগিতা কেন্দ্ৰীভূত, সুশৃংখলিত আৰু বৃদ্ধি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয় যে, উদ্যোগী আৰু আন অংশীদাৰসকলক ভাৰতক ষ্টাৰ্ট-আপ জৈৱ প্ৰক্ৰিয়াৰ গোলকীয় হাব হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ভাস্কৰে ষ্টাৰ্ট-আপসমূহক স...

September 6, 2024 8:39 PM

views 20

দিল্লীত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ বাণিজ্য সন্মিলন-২০২৪ মুকলি কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কৈছে যে, ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ অর্থনৈতিক ক'ৰিডৰ চমুকৈ আই এম ই চি হৈছে ভাৰতৰ সামুদ্রিক সুৰক্ষা আৰু ইউৰোপ আৰু এছিয়াৰ মাজত সামগ্ৰীৰ সৰবৰাহ খৰতকীয়া কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপৰ বাণিজ্য সন্মিলন-২০২৪ মুকলি কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতৰ জি টুৱেণ্টিৰ অধ্যক্ষতাৰ সময়ত এই আই এম ই চি মুকলি কৰা হৈছিল। ভাৰত, ইউৰোপ আৰু মধ্য প্ৰাচ্যৰ সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, চৌদী আৰৱ, জর্দ...

July 7, 2024 8:26 PM

views 18

নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেশলৈ পৰিৱৰ্তন আনিছেঃ কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল

কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা পীয়ূষ গোৱেলে আজি কয় যে, বিগত ১০ বছৰত কৰা কামৰ ফলাফল হিচাপে জনসাধাৰণে তৃতীয়টো কাৰ্যকালৰ বাবে এন ডি এ চৰকাৰৰ হৈ জনাদেশ দিছে। দিল্লী বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী সত্ৰত শ্ৰী গোৱেলে কয় যে, মোদী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেশলৈ পৰিৱৰ্তন আনিছে। প্রধানমন্ত্ৰীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত তিনি দফীয়া উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শ্ৰী গোৱেলে অৱগত কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰী গোৱেলে কয় যে, শেহতীয়া নিৰ্বাচনত দেশৰ জনসাধাৰণে বিৰোধীক...

June 12, 2024 1:30 PM

views 23

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ পীয়ুষ গোৱেলৰ

নতুন দিল্লীত কালি পীয়ুষ গোৱেলে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শক্তিশালী আৰু উন্নয়নমুখী শাসন ব্যৱস্থাই সমগ্ৰ দেশতে প্ৰগতিৰ ঢৌৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে সকলো নাগৰিকৰ কল্যাণৰ হকে অদম্যতাৰে কাম কৰাৰ বাবে মন্ত্রালয় দায়বদ্ধ বুলি মন্তব্য কৰে। অটল অক্ষয় উৰ্জা ভৱনত প্ৰহ্লাদ যোশীয়ে গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ উপৰি নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত...