December 6, 2025 7:55 PM

views 18

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ক চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেছন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে ভিডিঅ'টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি আৰু চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমর্থন জনোৱা নাই বুলি স্পষ্ট কৰি দিছে। প্ৰেছ ইনফৰমেছন ব্যুৰই জনসাধাৰণক প্রলোভিত কৰাৰ বাবে প্ৰচাৰ কৰা এনে ধৰণৰ বিভ্ৰান্তিকৰ বিনিয়োগ কেলেংকাৰীৰ বিষয়ে সজাগ হৈ থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।

November 24, 2025 8:42 PM

views 20

কানাডা ভ্ৰমণৰ সময়ত অণ্টেৰিঅ’ৰ অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু বাণিজ্য মন্ত্ৰী ভিক্টৰ ফেডেলীক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ সাক্ষাৎ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কানাডা ভ্ৰমণৰ সময়ত অণ্টেৰিঅ'ৰ অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু বাণিজ্য মন্ত্ৰী ভিক্টৰ ফেডেলীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীগোৱেলে কয় যে তেওঁলোক দুয়োগৰাকীয়ে ভাৰত আৰু কানাডাৰ মাজৰ বাণিজ্য শক্তিশালী কৰাৰ লগতে বিনিয়োগৰ সুযোগ বৃদ্ধি আৰু বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে৷

October 13, 2025 8:26 PM

views 24

প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছেঃ পিয়ুছ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে আজি কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ৪ বছৰ পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে চৰকাৰ আৰু শাসন ব্যৱস্থাৰ প্ৰতিটো খণ্ড অতিক্ৰম কৰিছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংহত পৰিকল্পনা আৰু অঞ্চলভিত্তিক উন্নয়নৰ দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে। এই অনুষ্ঠানত মন্...

August 17, 2025 8:22 PM

views 24

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭% অধিক বৃদ্ধি

■ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭ শতাংশৰো অধিক বৃদ্ধি হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে মেক ইন ইণ্ডিয়া অভিযানৰ সাফল্যৰ বাবে যোৱা দশকত বৈদ্যুতিন সামগ্ৰীৰ উৎপাদন তিনি হাজাৰ ১০০ কোটি ডলাৰৰ পৰা ১৩ হাজাৰ ৩০০ কোটি ডলাৰলৈ বৃদ্ধি হৈছে। চৰকাৰে নিৰ্মাণ খণ্ডত দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে এনে প্ৰয়াসৰ ফলস্বৰূপ...

February 9, 2025 11:28 AM

views 49

ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ’বলৈ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ আহ্বান

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে ভেষজ উদ্যোগসমূহক উদ্ভাৱন আৰু গুণগত মানত অগ্ৰাধিকাৰ দি চিকিৎসাখণ্ডৰ চালিকা শক্তিৰূপে পৰিণত হ'বলৈ আহ্বান জনাইছে। কালি মুম্বাইত অনুষ্ঠিত ভাৰতীয় ঔষধ নিৰ্মাণকাৰী সংস্থাৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি শ্ৰী গোৱেলে কয়, যে দেশৰ ভেষজ উদ্যোগে উন্নতি লাভ কৰিছে যদিও এই ক্ষেত্ৰত আৰু আগুৱাই যোৱাৰ থল আছে। এই খণ্ডটোত কাম কৰি থকা সকলো বৃহৎ আৰু ক্ষুদ্র উদ্যোগে দেশক গৌৰৱান্বিত কৰাৰ বাবে একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব আৰোপ কৰে ৷ সহযোগিতাৰ বিষ...

December 9, 2024 1:49 PM

views 25

ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পর্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষতিত তেওঁ এই প্ৰস্তাৱ আগবঢ়ায়। শ্রীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্য সংশ্লিষ্ট মন্ত্ৰ্যালয়সমূহৰ সৈতে সহযোগিতাৰে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমূহীয়াভাৱে দূৰ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ ...

November 14, 2024 2:50 PM

views 29

ভাৰত মণ্ডপমত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰে। এই বাণিজ্য মেলাৰ সুযোগতে কেন্দ্ৰীয় কয়লা আৰু খনি বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে খনি মন্ত্ৰালয়ৰ এটা পেভিলিয়ন মুকলি কৰে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ভাৰত বাণিজ্য প্ৰসাৰ সংস্থাৰ উপদেষ্টা শংকৰা নন্দ ভাৰতীয়ে কয়, যে এইবাৰৰ মেলাৰ বিষয়বস্তু হৈছে – ‘২০৪৭ চনত বিকশিত ভাৰত’। তেওঁ লগতে এইবাৰৰ মেলাত ঝাৰখণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বু...

October 12, 2024 11:45 AM

views 28

ভাৰত আৰু ইউৰোপৰ মাজৰ ব্যৱসায় যথেষ্ট বৃদ্ধি কৰিব পৰা যাব : পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীয়ুষ গোৱেলে কয় যে পাৰস্পৰিক বুজাপৰা আৰু সহযোগিতাৰে ভাৰত আৰু ইউৰোপৰ মাজৰ ব্যৱসায় যথেষ্ট বৃদ্ধি কৰিব পৰা যায়। নতুন দিল্লীত কালি ইউৰোপীয় ব্যৱসায় সংঘৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্রীগোৱেলে কয় যে, বিশ্ব প্রতিশোধৰ সিদ্ধান্তৰে কাম কৰিব নোৱাৰে বৰং পাৰস্পৰিক সহযোগিতাৰে বিভিন্ন সমস্যাৰ সমাধান উলিয়াব লাগিব। তেওঁ লগতে ইউৰোপীয় সংঘৰ নীতি আৰু নিবনানীকৰণ, কাৰ্বন সীমা, সংযোজন তন্ত্ৰৰ সৈতে জড়িত কাম-কাজে ভাৰতীয় উদ্যোগৰ ওপৰত প্ৰভাৱ পেলাইছে। ইউৰোপীয় সংঘৰ সৈতে...

September 29, 2024 8:14 PM

views 38

মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলৰ প্ৰকাশ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত নির্মিত যিকোনো সামগ্রী বিশ্বজুৰি মানসম্পন্ন সামগ্ৰী বুলি স্বীকৃত হোৱা উচিত। নতুন দিল্লীত পি এল আইৰ হিতাধিকাৰী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে তেওঁলোকক এই আঁচনিসমূহৰ জৰিয়তে স্থায়ী তথা বিশ্বমানৰ সামগ্রী উৎপাদনৰ দিশে আগবাঢ়িবলৈ আহ্বান জনায়। শ্রী গোৱেলে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত নৰেন্দ্ৰ মোদী চৰকাৰে মুকলি কৰা কাৰ্যসূচীসম...

September 29, 2024 12:05 PM

views 48

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনীতি এক ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ পথ প্ৰশস্ত কৰিবঃ পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে কেন্দ্ৰৰ দ্বৈত ইঞ্জিনৰ চৰকাৰ আৰু উত্তৰ প্রদেশে ২০৪৭ চনৰ ভিতৰত দেশৰ অৰ্থনীতি ৩৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰিব। গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত উত্তৰ প্ৰদেশ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় প্ৰদৰ্শনীত এই কথা প্ৰকাশ কৰি কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনীতি এক ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ পথ প্ৰশস্ত কৰিব। উত্তৰ শ্ৰী গোৱেলে কয় যে, চৰকাৰে ৰাজ্যসমূহৰ সহায়ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নেতৃত্ব, চাহিদা, ভৌগোলিক বিশিষ্টতা আৰু গণতন্ত্ৰক...