July 2, 2025 7:38 PM July 2, 2025 7:38 PM
3
জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত পীযুষ হাজৰিকাৰ বৈঠক
ৰাজ্য চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে আধুনিক প্রযুক্তিৰে নতুন মথাউৰি নিৰ্মাণ কৰি প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। মন্ত্রী পীযুষ হাজৰিকাই আজি জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হৈ এই প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত বুজ লয়। প্ৰতিখন জিলাৰ অভিযন্তাসকলে এই বৈঠকত ভার্চুৱেলী অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই বৈঠকত ৰাজ্যৰ বান, খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে চলি থকা প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি, অগ্রগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। প্রত্যেকখন জিলালৈ পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণৰ ক্ষেত্...