October 24, 2025 12:49 PM October 24, 2025 12:49 PM
26
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি পিযুষ গোৱেলৰ প্ৰকাশ
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলৰ প্ৰকাশ কৰিছে। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্রীগোৱেলে কয়, যে দুয়োপক্ষই ভাৰত আৰু আমেৰিকাৰ দলসমূহৰ সৈতে এই সম্পর্কীয় আলোচনা আগবঢ়াই নিয়াৰ উদ্দেশ্যে সক্রিয়ভাবে কাম কৰি আছে। ভাৰতৰ বাণিজ্য সচিবে অলপতে আমেৰিকা ভ্ৰমণ কৰি দেশখনৰ বাণিজ্য সচিবক সাক্ষাৎ কৰে আৰু এখন যুক্তিপূর্ণ তথা ন্যায়সংগত চুক্তি সন্দৰ্ভত বুজাবুজি কৰাৰ ক্ষেত্ৰত আলোচনা কৰে বুলিও মন্ত্ৰীগৰাকীয়...