January 18, 2026 12:42 PM

views 16

কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলৰ বৈঠক

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে কালি কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্রাদেশিক চৰকাৰৰ মুৰববী ডেভিদ এৰিৰ সৈতে ভাৰত আৰু কানাডাৰ মাজত অর্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে৷ সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্রীগোৱেলে কয়, যে এই বৈঠকত দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিতা আগবঢ়াই নিয়াৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়। দুয়োখন দেশৰ খনিজ পদার্থ উৎপাদন, প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা আৰু উদ্ভাৱনৰ দৰে দিশসমূহৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। দুয়োখন দেশৰ মাজত নতুন সুযোগ মুকল...

September 2, 2025 8:32 PM

views 9

ভাৰত বহনক্ষমতা বিষয়ক প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণৰ ক্ষেত্ৰত জি টুৱেণ্টি দেশসমূহৰ ভিতৰত অন্যতম বুলি পীয়ুষ গোৱেলৰ প্রকাশ

ভাৰত বহনক্ষমতা বিষয়ক প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণৰ ক্ষেত্ৰত জি টুৱেণ্টি দেশসমূহৰ ভিতৰত অন্যতম বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰতীয় উদ্যোগ সংঘৰ কুৰিসংখ্যক গোলকীয় বহনক্ষমতা শীৰ্ষ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্রীগোৱেলে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন কপ্‌ টুৱেণ্টি ৱান সফল কৰি তোলাত নির্ণায়ক ভূমিকা পালন কৰিছে। তেওঁ কয়, যে ভাৰত বহনক্ষম বিকাশৰ লক্ষ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতে এনে প্ৰতি...

April 28, 2025 12:46 PM

views 12

দুৰ্যোগ অথবা স্বাস্থ্য বিষয়ক সমস্যাৰ ক্ষেত্ৰত ভাৰত তাৎক্ষণিকভাৱে সঁহাৰি জনোৱা প্ৰথমখন দেশ হিচাপে বিবেচিত- পীয়ুষ গোৱেল

দেশৰ লোকসকল সুস্থ হ'লেহে অহা ২৫ বছৰত ভাৰতে ৩০ ত্রিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰ পূৰণত সফল হ'ব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে মন্তব্য কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত বিশ্ব স্বাস্থ্য সন্মিলনত ভাষণ দি শ্রীগোৱেলে কয় যে চৰকাৰৰ সকলোবোৰ উদ্যম আৰু আঁচনি দেশৰ জনসাধাৰণৰ স্বাস্থ্য তথা সামগ্রিক বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা হৈছে। তেওঁ কয়, যে ব্যয়সাধ্য বাসগৃহ, বিশুদ্ধ খোৱাপানী, ৰন্ধন গেছৰ সংযোগ, উন্নত শিক্ষাৰ সুবিধাৰ জৰিয়তে সকলো ভাৰতীয়ৰ জীৱন- ধাৰণৰ মান উন্নত কৰিছে। চৰকাৰৰ আদৰ্শ জনসাধ...

March 21, 2025 6:36 PM

views 11

৪৫ হাজাৰ কোটি ডলাৰৰ সেৱা ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক আহ্বান পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৪৫ হাজাৰ কোটি ডলাৰৰ সেৱা ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক যৌথ প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি নাছকম গোলকীয় সমাৱেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রীগোৱেলে ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশত সেৱা ৰপ্তানিৰ পৰিমাণে সামগ্ৰী ৰপ্তানি চেৰ পেলাব পাৰে বুলি আৰু এই ক্ষেত্ৰত তথ্য প্রযুক্তি খণ্ডৰ অৱদান অগ্ৰণী হ'ব বুলি আশ্বাস ব্যক্ত কৰে। চলিত বৰ্ষত সেৱা ৰপ্তানী বৃদ্ধি পাই ৩৮ হাজাৰ কোটি ডলাৰৰ পৰা ৩...

January 18, 2025 7:09 PM

views 16

তিনিদিনীয়া কাৰ্যসূচীৰে পীয়ুছ গোৱেলৰ ব্ৰুছেলছ ভ্ৰমণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুছ গোৱেলে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ব্ৰুছেলছ ভ্ৰমণ কৰিব। এই ভ্রমণ কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়োগৰ অধ্যক্ষ মাৰ্কোচ চেফকোভিকৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। এই বৈঠকত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিকে ধৰি অন্যান্য দ্বিপাক্ষিক বাণিজ্যৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই লগতে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰিব। এই ভ্রমণে ইউৰোপীয় সংঘৰ সৈতে বা...