March 10, 2025 12:15 PM

views 9

পীযুষ হাজৰিকাৰ তৎপৰতাত গোৱালপাৰা জিলাত বান আৰু গৰা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ তৎপৰতাত গোৱালপাৰা জিলাত বান আৰু গৰা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ ১৫ কিলোমিটাৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ প্ৰচেষ্টাত এছিয়ান ডেভেলপমেণ্ট বেংকে ৩২১ কোটি টকাৰ অনুদানত অনুমোদন দিছে। ইয়াৰে প্ৰথম পৰ্যায়ত ২৩৭ কোটি টকাৰে প্ৰায় ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গৰা খহনীয়া প্ৰতিৰোধৰ কাম পূৰ্ণগতিত চলাই থকা হৈছে। এই পৰ্যায়ত অতি সংকটজনক পৰিস্থিতিত থকা বলদমাৰী চৰ, গোৱালপাৰা চহৰৰ কছাৰীঘাটৰ পৰা হুৰকাকুছিলৈ আৰু জলেশ্বৰৰ বানিয...