September 24, 2025 9:58 PM

views 12

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ লগতে আত্মীয়ক সাক্ষাৎ কৰি মন্ত্ৰী পীযূষ হাজৰিকাৰ সমবেদনা জ্ঞাপন

মন্ত্ৰী পীযূষ হাজৰিকাই আজি প্রয়াত শিল্পীগৰাকীৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ লগতে আত্মীয়ক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয়, যে জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ। সকলোৰে অতিকৈ প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয়োগক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিছে বুলি তেওঁ কয় ।