October 27, 2025 11:55 AM October 27, 2025 11:55 AM

views 6

নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ৮ কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কার্য সম্পন্ন কৰিবলৈ লৈছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে খনন কাৰ্যৰ শুভাৰম্ভ কৰি কয়, যে এই এলেকাত কাষৰীয়া পাহাৰৰ পৰা বোকা-মাটি খহি অহাৰ ফলত নৈকেইখনত পানীৰ বহনক্ষমতা হ্ৰাস পাইছিল আৰু খেতিপথাৰত পলস পৰিছিল। সেয়েহে নৈকেইখন খনন কৰি পানীৰ...