June 28, 2025 11:07 PM

views 16

জাগীৰোডৰ উন্নয়ন সন্দৰ্ভত পৰিদৰ্শন ভৱনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বৈঠক

জলসম্পদ তথা জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই জাগীৰোডৰ পৰিদৰ্শন ভৱনত মৰিগাঁও জিলাৰ আয়ুক্ত, জাগীৰোড সমজিলা আয়ুক্ত তথা অন্যান্য বিষয়াসকলৰ সৈতে আজি এখন বৈঠকত অংশগ্রহণ কৰে। জাগীৰোডৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন দিশৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। মৰিগাঁও জিলাখনৰ লগতে জাগীৰোড সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম আৰু চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভতো সভাত আলোচনা কৰা হয়।