July 10, 2024 6:46 PM

views 28

মৰাণ স্বায়ত্বশাসিত পৰিষদ, মৰাণ জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰে মন্ত্ৰী পীযূষ হাজৰিকাৰ বৈঠক

ৰাজ্যৰ সামাজিক ন্যায়, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু মৰাণ জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে দিছপুৰৰ জনতা ভৱনত এখন বৈঠকত মিলিত হয়। এই বৈঠকত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও মৰাণ জনগোষ্ঠীৰ জনসংখ্যাৰ জৰীপ চলাই পৰৱৰ্তী সময়ত পাৰিষদীয় সমষ্টি গঠনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। মৰাণ স্বায়ত্বশাসিত পৰিষদত যাতে পূৰ্ণাংগ ৰূপত গঢ়ি তোলাৰ সন্দৰ্ভত জনগোষ্ঠীটোৰ দল-সংগঠনৰ সৈতে আলোচনা কৰা হয়। মন্ত্ৰী হাজৰিক...